Bholajhar High School Eco-Club
Pakiza Yeasmin

পৰিৱেশ সংৰক্ষণত কৃষকৰ ভূমিকা

The role of farmers in protecting the environment

 পাকিজা ইয়াছমিন
ভোলাঝাৰ হাইস্কুল, উপৰখুটি (বাক্সা)
নৱম শ্ৰেণী

আমাৰ অন্নদাতা কৃষকসকলে আমাৰ দেশৰ আৰ্থিক (উন্নয়নৰ) বিকাশৰ ক্ষেত্ৰত যুগ যুগ ধৰি ভূমিকা পালন কৰি আহিছে। কৃষকসকলে বিশেষকৈ গাঁও অঞ্চলত কৰ্ম সংস্থাপনৰ সৃষ্টি কৰি আহিছে। তেখেতসকলেই আমাৰ খাদ্যৰ চাহিদা পূৰণ কৰি আহিছে। কৃষক সকলে আনকি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰটো ভূমিকা পালন কৰি আহিছে। সেউজীয়া খেতি বাতিৰ যোগেদি জলবায়ু পৰিৱৰ্তনক ধৰি ৰাখি কাৰ্বনৰ কণাসমূহক নিঃশেষ কৰিছে।

আমি কৃষি ক্ষেত্ৰটো প্ৰদূষণৰ সন্মুখীন হৈছো। এই প্ৰত্যাহ্বানটো মোকাবিলা কৰিব লাগিব কৃষকসকলে। কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত প্ৰদূষণ হৈছে। ইয়াৰ পৰা হাত সাৰিবৰ বাবে কৃষকসকলে জৈৱিক সাৰ ব্যৱহাৰ কৰিবলৈ ধৰিছে। জৈৱিক সাৰ প্ৰয়োগৰ ফলত জলপ্ৰদূষণ বহুলাংশে কমি আহিছে। আনহাতে ৰাসায়নিক (অজৈৱ) সাৰে জল প্ৰদূষণ বৰ্দ্ধিত কৰে। আনকি মাছ আদিকে ধৰি আমাৰ প্ৰয়োজনীয় (লাগতিয়াল) প্ৰণীবোৰৰ বিনাশ কৰিছে।

তাৰোপৰি আমাৰ দেশৰ শতকৰা ৭০ শতাংশ কৃষকে পতিত মাটিত খেতি কৰি আমাৰ পৰিৱেশ সুন্দৰ আৰু ৰক্ষা কৰিছে। পতিত মাটিয়ে পৰিৱেশ বিনষ্ট কৰে।

কৃষকসকলে যিবোৰ নলা-নৰ্দমাৰে পানী বোৱাই খেতি-বাতিত যোগান ধৰে সেইবোৰ নলা নৰ্দমা দূষিত হ’লে পানীবোৰ প্ৰদূষণ মুক্ত কৰি খেতিত প্ৰয়োগ কৰে। এনেদৰে কৃষকে পৰিৱেশ ৰক্ষা কৰি আমাক উপকৃত কৰিছে। আনহাতে জল প্ৰদূষণে জল-ভূমি আৰু মাটিবোৰ নষ্ট কৰে। এই ক্ষেত্ৰটো কৃষকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

অতি ভয়ংকৰ প্ৰদূষণৰ ঘটনাবোৰ প্ৰধানকৈ কল-কাৰখানাৰ নিষ্কাষণৰ নলা-নৰ্দমাবোৰে সংঘটিত কৰিছে। ই বিশেষকৈ খেতি পথাৰ নতুবা ঘাঁহনি পথাৰ প্ৰদূষিত 

Bholajhar High School Eco Club
Art by: Pakiza Yeasmin

কৰিছে। ইয়াৰ পৰা মুক্ত কৰাৰ বাবে খেতিয়কসকলে বিৰোধ কৰি আহিছে আৰু তাৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে। এনেদৰে খেতিয়কসকলে আমাৰ পৰিৱেশ সংৰক্ষণ কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে।

 দুগ্ধ পামসমূহৰ পানী, মাটি আৰু জলৰ প্ৰদূষণ হ’লে তাৎক্ষণিকভাৱে দুগ্ধ কৃষক সকলে প্ৰদূষণমুক্ত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ পৰিৱেশ ৰক্ষা কৰিছে।

খেতিয়কসকলে খেতি মাটিৰ প্ৰয়োজনৰ খাতিৰত ভূমিস্খলন প্ৰতিৰোধ, খেতি-মাটিৰ উৰ্বৰতা বৃদ্ধি, বিশুদ্ধ পানীৰ যোগান ইত্যাদিৰ যোগেদি পৰিৱেশৰ উৎকৰ্ষ সাধন কৰিছে পৰোক্ষভাৱে। প্ৰত্যেক্ষভাৱে উদ্যান খেতিৰ যোগেদি গছৰ ছাঁ, চৰাই চিৰিকটিৰ বাহ, সেউজী গৃহৰ সৃষ্টি, বিশুদ্ধ বায়ু আদিৰ উপৰিও জলবায়ু সঠিক ৰূপত ৰখাত সহায় কৰি আহিছে।

Bholajhar High School Eco-Club
Art by: Pakiza Yeasmin

কৃষকসকলে ন- ন খেতিৰ বাবে ন – ন মাটি বিশেষকৈ পতিত ভূমি সমূহ বৃক্ষৰোপন বা বীজ সিঁচি শস্য শ্যামলা কৰাত আমাৰ পৰিৱেশ বহুলাংশে সংৰক্ষণ কৰাত অগ্ৰগণী ভূমিকা পালন কৰিছে।

কৃষকসকলে কৃষি কৰ্মৰ জৰিয়তে নিজে স্বচ্ছল হোৱাৰ উপৰিও আন বহুতো নিবনুৱাক কৰ্মসংস্থাপন দি পৰোক্ষভাৱে পৰিৱেশ শান্তি ৰখাত সহায় কৰিছে। এনেদৰে আৰ্থিক দিশত স্বচ্ছতা আগবঢ়াইছে। লগতে গছে কাৰ্বন ডাই অক্সাইড শুহি লোৱাত আমাৰ স্বাস্থ্যৰ উন্নতিৰ লগতে পৰিৱেশ শুদ্ধ কৰি ৰাখিছে।

ইয়াত কৃষকৰ উৎপন্ন খেতি-বাতিৰ মাধ্যমেদি পানীৰ নাটনি অথবা খৰাং অঞ্চলত জনসংৰক্ষণ কৰি সেই অঞ্চলতো গছ – বৃক্ষৰে সেউজীয়া কৰি তুলি নিজৰ লগতে আমাৰ পৰিৱেশকো সজীৱ কৰি ৰাখিছে। কৃষকৰ ভূমিকা অপৰিসীম।

আমাৰ খাদ্যৰ যোগান, কাপোৰ-কানি, ঔষধ ইত্যাদি নিত্য নৈমত্তিক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ উপৰিও আমাৰ এই পৃথিৱীখন বাসপোযোগী কৰি ৰাখিছে। সেয়ে অন্নদাতা, বস্ত্ৰদাতা, ঔষধ দাতা, আশ্ৰয়দাতা এই কৃষকসকলক আৰ্থিক অনুদান, শস্য বীমা আঁচনি, জলসিঞ্চন আঁচনি, কৃষি সজুঁলি, উন্নত বীজৰ যোগান, জৈৱিক সাৰৰ যোগান, অসমৰ নিচিনা বানপানীৰ ঠাইত বানপানীৰ নিয়ন্ত্ৰণ, প্ৰদূষণ মুক্ত পৰিৱেশ আৰু বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰি উৎসাহিত কৰিব লাগে। এই কৃষক সকলৰ প্ৰতি পৃথিৱীৰ দেশসমূহে সময়ে সময়ে কিছুমান আঁচনি প্ৰস্তুত কৰিব লাগে। তেখেতসকলৰ জড়িয়তে আমাৰ বিনন্দীয়া পৃথিৱীৰ সৌন্দৰ্যৰ লগতে সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈ থাকিব। সেয়ে আমি পৰিৱেশ বিজ্ঞানত বেছি গুৰুত্ব দিব লাগে।

বি: দ্ৰ:  ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যিকোনো লিখনি যেনে- কবিতা, গল্প, প্ৰৱন্ধ আদিৰ লগতে ইক’ক্লাৱ, পৰিৱেশ,  স্বচ্ছতা সম্বন্ধীয় লিখনি প্ৰকাশ কৰিবলৈ ৯৭০৬০৪১০১৬ নম্বৰত হুৱাটছ এপ যোগে প্ৰেৰণ কৰিবলৈ জনোৱা হ’ল । 

নিয়মাৱলী:

  • লিখনিসমুহ খুব বেছি ১৫০০ শব্দৰ ভিতৰত হব লাগিব । কম হ’লে ভাল ।
  • লিখনিসমুহৰ তলৰ ফালে নিজৰ নাম, শ্ৰেণী, স্কুলৰ নাম, জিলাৰ নাম আৰু ফোন নম্বৰ স্পস্টভাৱে উল্লেখ কৰিব লাগিব ।
  • লগত একপি নিজৰ ফটো পঠিয়াব লাগিব ।
  • লিখনিসমুহত বিদ্যালয় / মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে চহী কৰা হব লাগিব ।
  • লিখনিসমুহ অসমীয়া, ইংৰাজী, বাংলা, বড়ো আৰু হিন্দী ভাষাত গ্ৰহণ কৰা হব ।

নিৰ্বাচিত লিখনিসমুহ লেখকৰ নাম আৰু ফটোসহ প্ৰকাশ কৰা হব ।

Share via
Copy link
Powered by Social Snap